‘‘গৰুৱে ঘাঁহ পাগুলাদি কি পাগুলি থাক অ?’’
‘‘বাবুল গাম, বাবুল গাম’’
ফণী কাইটিৰ আচলতে দোষ নাই ৷ বহুত কিবা কিবি তেওঁ চিনি জানি নাপায় ৷ গাওঁৰ মানুহ যে ! গাওঁতে থাকে ৷ আগলে পিচলে বুলিবলৈ কোনো নাই ৷ কাইটি ইটো সিটো কৰি চলি থাকে ৷ মানুহবোৰেও আদৰ মৰম কৰে ৷
‘‘ফণীকাই, এই তামোলবোৰ চূণ চাদাৰ সৈতে খোৱাতকৈ বাবুলগাম খাব ৷ দাঁতৰ কাৰণে ভাল ৷ দাঁত বাদ দিয়ক শৰীৰৰ কাৰণেও ভাল ৷’’
বাবুল গামটো হাতত লৈ ফণীকাইয়ে লুতিয়াই-পুতিয়াই চালে ৷ কাগজখন গুছালে ৷ এবাৰ শুঙি চালে ৷
‘‘ধুনীয়া গোন্ধাই অ৷’’
‘‘খাওঁক ফণীকাই ৷’’
বাবুলগাম চোবায় চোবায় ফণীকাই গ'ল গৈ ৷
এসপ্তাহৰ পাছত পুনৰ ফণীকাইক লগ পালো ৷ পুৱাৰ খবৰ কাগজখন মেলি লৈ ফণীকাইক শুধিলো, ‘‘কি খবৰ ?’’
উত্তৰ পালো, ‘‘তামোল এৰি দিলো বুজিছ ! বৰ লায়েকৰ বস্ত দেই ববুলগম !’’
মই আঁৰ চকুৱে লক্ষ্য কৰিলো ফণীকাইয়ে চপক চপককৈ চোবাই আছে ৷
ভাবিলো,‘‘আওঁ... বাবুলগামৰ এনেকুৱা নটা লাগিল নে !!’’
ময়ো বোলো জমাই দিওঁ, ‘‘ফণীকাই, আছে যদি এটা দিয়ক ৷’’
ফণীকাইয়ে কলে,‘‘ময়ো তোক খুজিবলৈ হে আহিছিলো ৷ এইটো শেষ হওঁ হওঁ হৈছে আৰু......’’
মই জাপ মাৰি উঠিলো, ‘‘কি???’’
ফণীকাইয়ে চপক চপককৈ চোবাই চোবাই ক’লে, ‘‘কেইদিনত নো শেষ হয় অ এইটো ? সোৱাদতো লাহে লাহে কেনেবা হ'ইছেগৈ ৷ ময়ো কায়দা এটা কৰিছো ৷ ৰাতিটো চেনী পানীত ববুল গমতো ডুবাই ৰাখো ৷’’
মই চিঞৰ নামাৰি নোৱাৰিলো, ‘‘ কি-ই- ই-?? চেনী পানীত ডুবাই ৰাখে বাবুল গামটো !!!’’
মোৰ ফালে নোচোৱাকৈয়ে ফণীকাইয়ে কামিজৰ পৰা সৰু তেমা এটা উলিয়াই বাবুলগামটো তাত ভৰাই সাঁফৰটো মাৰি ফিচফিচাই ক'লে, ‘‘আৰু দুদিন নিয়াম ৷ পৰহিলে তই মোক চাৰিটা আনি দিবি দেই ! এমাহৰ বাবে...’’
.................
(লেখক : মনোজ নেওগ /ফোন - ৯৭০৬৯৯৪৯৫৮)

No comments:
Post a Comment